|| ঘোষা ||:
ৰাগ ।। কৌ
ধ্রুং - প্রাণনাথ নকৰা বঞ্চিত।
তােহাৰি বিয়ােগ আগি দহে মােৰ চিত্ত।
ঐ বন্ধু মাধৱ হে।।
|| পদ ||:
পদ- পতি সুত সূহৃদ সােদৰ বন্ধুজন।
সব সুখ তেজি ভজো তােহাৰি চৰণ।।
সােহি প্রাণনাথ তুহোঁ যাহা কাহাঁ লাগি।
নৰহে জীৱন মােৰ তেৰি লাগি আগি।।
সব তেজি তােহাৰি চৰণে কৈলোঁ আশ।
ভকতবৎসল স্বামী নকৰা নৈৰাশ।।
বিনে তুহোঁ ৰহব জীৱন নাহি মােই।
তুহাে বিনে হামাৰি বান্ধৱ নাহি কোই।।
হাস্য নিৰীক্ষণ তেৰি মধুৰ আলাপ।
সুমৰি সুমৰি মেৰি মিলে হৃদি তাপ৷৷
ধৰণী লুটিয়া গােপী কৰত ক্ৰন্দন।
কহয় মাধৱ গতি নন্দেৰ নন্দন।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2031 reads