ধ্ৰুং- কেলি কৰে বিৰিন্দাবনে মােহন গােপাল।
খেলে সংগে ৰংগে ঢংগে ব্ৰজেৰ ছৱাল।।
পদ- বনৰ মালা গান্থিয়া পিন্ধে মাথে মৈৰা পাখি।
আনন্দে হৰিৰ সংগে ফিৰে ধেনু ৰাখি।।
কেহোঁ নাচে কেহোঁ হাঁসে কেহোঁ বাৱে বেণু।
বাঁংশীৰ স্বৰে নাম ধৰিএ ডাকিয়া আনে ধেনু।।
পঞ্চম উচ্চায়া বেণু বাৱে যদুমণি।।
মদন-শৰে মুৰুচি পৰে দেৱৰ ৰমণী।।
গগণে দেৱতাগণে কৰে তুতি-নতি।
গােপেৰ সংগে ধেনু চৰাৱে হৰি জগতৰে পতি।৷
অন্যো অন্যে ডাকিয়া বােলে দেথ অমৰগণ।
ত্রিভুৱন জিনি শােভা কৰে বৃন্দাবন।।
কহয় মাধৱ দাস কৰিয়া নিশ্চয়।
জনমে জনমে গতি নন্দেৰ তনয়।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 8981 reads