|| ঘোষা ||:
ৰাগ ।। শ্রী
ধ্রুং - সখি কহ কহ ৰে হামাৰ জীৱন ধন
কোন পন্থে মধাই।।
মদন বিৰহ আগি শৰীৰ দহয় ৰে
তিলেক না দেখি জীৱ যায়।।
|| পদ ||:
পদ-
চান্দ বয়নে হৰি মুৰৰী বজাৱে ৰে
মধুৰ সুস্বৰ ৰস গায়।
সুন্দৰ নয়নে হেৰি নন্দসুত চলে ৰে
হামাৰ জীৱন লেহি যায়।।
কামে চঞ্চল তনু মদন জিনিয়া ৰে
পঞ্চম পূৰিয়া ৰস তােলে।
প্রেমে আকুল সব ব্রজৰ ৰমণী ৰে
দীন মাধৱ দাস বােলে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1321 reads