ৰাগ ৷৷ আশােৱাৰী
ধ্ৰুং- আৱত ব্ৰজেৰ জীৱন ৰে হৰি।
ত্রিভুৱন-মােহন মধুৰ ৰূপ ধৰি।।
পদ- বিৰাজিত শ্যাম তনু ধেনু পদৰেণু।
অৰুণ অধৰে পূৰে সুমধুৰ বেণু।।
বনজ কুসুমকেৰি মালা উজৰিত।
শৰীৰক কান্তি সব দিশ প্রজ্বলিত।।
ভ্রমৰে ৰঞ্জিত উৰে লােলে বনমালা।
ৰতন ভূষণ নৱ শৰীৰ উজালা।।
চৰণপঙ্কজে মণি মঞ্জীৰকু ধ্বনি।
কহয় মাধৱ মেৰি গতি যদুমণি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2643 reads