|| ঘোষা ||:
ৰাগ ।। অহিৰ
ধ্রুং - শ্যাম কমললােচন।
শিশু সংগে চলে বৃন্দাবন।।
|| পদ ||:
পদ- সুৰভী চলয় আগ ধায়া ধায়া লৱে লাগ
কনক পাঞ্চনী উড়ি হাতে।
শ্ৰৱণে কুণ্ডল ডােলে কুটিল কুন্তল লােলে
ময়ুৰ-পুচ্ছ জলমল মাথে।।
হালয় সুন্দৰ কটি বিলােলিত পীত ধটি
চৰণে মঞ্জীৰ-মণি ঝুৰে।
বাম কপােল বাম বাহু মূলে আৰােপিয়া
কুঞ্চিত অধৰে বেণু পুৰে।।
নয়ন পংকজপাসি মুখে মনােহৰ হাসি
ভ্ৰুৱযুগ মদনৰ ধনু।
ৰতন ভূষণচয় চাৰু অংঘে উজৰিত
নৱঘন জিনি জ্বলে তনু।।
বৃন্দাবনে ধেনু মেলি শিশুসংগে কৰে কেলি
যােগী যাৰ চৰণ ধিয়ায়।
পৰম মূৰুখমতি কহয় মাধৱ গতি
নন্দনন্দন দুহোঁ পায়।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1663 reads