|| ঘোষা ||:
ৰাগ ।। মাউৰ ধনশ্রী
ধ্রুং - সাজে ৰে সখি নন্দকু বালা।
নৱঘন জিনি শােহে তনু কালা।।
|| পদ ||:
পদ- অধৰ সুধাকৰ পূৰিত বেণু।
অংগ বিভূষিত গােপদৰেণু।।
ঝলমল ময়ূৰ পুচ্ছ শােহে মাথে।
কোটি মদন জিনি গােপিনীনাথে।।
নিন্দি ইন্দুি কোটি হৰি সাজে।
ঝনকিত কিংকিণী মঞ্জীৰ বাজে।।
কণ্ঠে কেলি কদম্বকু মালা।
কহয় মাধৱ গতি বালা গােপালা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1657 reads