|| ঘোষা ||:
ৰাগ ।। কেদাৰ
ধ্রুং - পাৱে পৰি হৰি কৰােহোঁ কাতৰি
প্রাণ ৰাখবি মােৰে।
বিষয় বিষধৰ বিষে জৰজৰ
জীৱন নাৰহে থােৰে।।
|| পদ ||:
পদ- অথিৰ ধনজন জীৱন যৌৱন
অথিৰ এহু সংসাৰ।।
পুত্ৰ পৰিবাৰ সৱহি অসাৰ
কৰবাে কা হেৰি সাৰ।।
কমল দল জল চিত্ত চঞ্চল
থিৰ নােহে তিল এক।
নাহি ভৱভয় ভোগে হৰি হৰি
পৰম পদ পৰতেক।।
কহতু শংকৰ এ দুখ সাগৰ
পাৰ কৰা হৃষীকেশ।
তুহু গতি মতি দেহু শ্রীপতি
তত্ত্ব পন্থ উপদেশ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 7203 reads