|| ঘোষা ||:
ৰাগ ।। ধনীশ্ৰী
ধ্ৰুং -নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা।
মেৰি পামৰ মন মাধৱ ঘন ঘন
ঘাতুক পাপ ন ছােড়া।।
|| পদ ||:
পদ- যত জীৱ জঙ্গম কীট পতঙ্গম
অগ নগ জগ তেৰি কায়া।
সবকহু মাৰি পূৰত ওহি উদৰ।
নাহি কৰত ভূতদায়া।।
ঈশ স্বৰূপে হৰি সব ঘটে বৈঠহ
যৈচন গগন বিয়াপি।
নিন্দাবাদ পৈশূন্য হিংসা হৰি
তেৰি কৰােহোঁ হামু পাপী।।
কাকু শংকৰ কৰ কৰহু কৰুণা নাথ
যাে ন ছাড়হু ৰাম বাণী।
সব অপৰাধক বাধক তুৱা নাম।
তাহে শৰণ লেহু জানি।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 22447 reads