ৰাগ । ধনশ্ৰী
ধ্রুং- কানাইৰ কমলমুখ পেখিতে নয়ন সুখ
কোটি ইন্দু জিনি পৰকাশে।
শ্যামল সুন্দৰ বৰ নৱ নীল জলধৰ
তনু ভাল শােহে পীতবাসে।।
পদ- আভীৰ বালক সংগে খেলান খেলায় ৰংগে
ৰহিয়া কদম্ব তৰুতলে।
হাসি হাসি বংশী বায় বংকিম নয়নে চায়
কদম্বৰ মালা লুলে গলে।।
অৰুণ চৰণ মাজে মঞ্জীৰ ঝনকে বাজে
সাজে কৌটি মনমথ জিনি।
যমুনা পুলিন বনে ধায়া ধায়া ৰংগ মনে
গেন্দুৱা খেলায় যদুমণি।।
তেজিয়া বৈকুণ্ঠ সুখ লীলায়ে গােপেৰ ৰূপ
ধৰি হৰি গােধন চৰায়।
ভকত বৎসল দেৱ নাহি হৰি সম কেৱ
দীন মাধৱে গুণ গায়।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3064 reads