ৰাগ - শ্যাম
ধ্ৰুং- গােৱিন্দ, দুগ্ধ পিউ দুগ্ধ পিউ বােলেএ যশােৱা।
দুগ্ধ নাখায়া হৰি কান্দে ওৱা ওৱা।।
পদ- অৰুণ অধৰ মুৰি কান্দে যদুমণি।
চান্দ-মুখৰ বালাই লওঁ বােলেএ জননী।।
কান্দিতে নেত্ৰৰ নীৰ ধাৰে বহি পৰে৷
কমলপত্রৰ যেন শিশিৰ নিগৰে।।
জননীৰ মুখ চায়া কান্দে যদুপতি।
মই যাওঁ তােমাৰ হুয়া বােলে যশােমতী।।
পায়ে ধৰি শিৰে কৰোঁ দুধ পিউ হৰি।
মুখে স্তন লৈয়া কান্দে ফোকাৰি ফোকাৰি।।
জগতেৰ গুৰু ভাৱ লৈয়া মানৱীৰ৷
কান্দিতে আকুল মতি কৈলা জননীৰ।।
কহয় মাদৱ দাস বৰ অগিয়ান।
ওহি ভাৱ সুমৰি ছুটোক মোৰ প্রাণ।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2228 reads