|| ঘোষা ||:
ৰাগ ।। ভাটিয়ালী
ধ্রুং - মােকে কিনা মতি দিলা গােপাল
তুমি অগতিৰ গতি।
এ ভৱভঞ্জন তােমাৰ চৰণ
সেৱিতে নকৰোঁ ৰতি।।
পদ- আগম পুৰাণ শুনি যতমান
তুমি বিনে নাহি কয়।
তােমাৰ চৰণ কৈলাে সুমৰণ।
ভৱ নিৱাৰণ হয়।।
এতেকে জানিয়া মই মতি পামৰ
নাসেৱো তােমাৰ পাৱ।
এ ভৱসাগৰে মজিলোঁ পামৰে
ভৰায়া শালৰ নাৱ।।
দূৰিত সাঞ্চিলোঁ আপুনি বঞ্চিলোঁ।
নাসিলোঁ মনেৰ সংগে।
অমিয়া বুলিয়া বিষয় গৰল
মই পাপী ভক্ষিলোঁ ৰংগে।।
তােমাৰ ভকতি অমিয়া মাধুৰী
তাতে না কৰিলোঁ আশা।
জানিলোঁ যমেৰ যাতনা ভুঞ্জিয়া
নাশিলোঁ এ বুদ্ধিনাশা।।
তুমি প্রিয়তম আতমা পৰম
সুহৃদয় এ নিজ দেৱ।
শাসন নাশন কাৰণ আৱৰ
তুমি বিনে নাহি কেৱ।।
জানিয়া তােমাৰ অভয় অৰুণ
চৰণে শৰণ লৈলোঁ।
কহয় মাধৱ তােমাৰ দাসৰ
দাস অনুদাস ভৈলোঁ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1414 reads