ধ্রুং - উঠ উঠ বাপু চান্দ বয়ন।
যশােৱা মাৱে ডাকে ঘনে ঘন।।
পদ- লহু লহু বহে মলয়া বাৱ।
কোকিলে তেজে সুললিত ৰাৱ।।
ৰবি পৰশন তিমিৰ নাশি।
সংগতি বালকসৱ মিলিল আসি।।
দধি দুগ্ধ ঘৃত ব্যঞ্জন ভাতে।
পাঞ্চনী শিঙ্গা বেত বেণু হাতে।।
গাে-বৎসপাল লেহু সংগে কৰি৷
উঠ গােষ্ঠে চল ঠাকুৰ মেৰি।।
যশােৱাকু বাণী শুনি হৃষীকেশ।
বালক সংগে গােষ্ঠে পৰৱেশ।।
দীন মাধৱে কহয় পৰমাণ।
হৰি বিনে নাহি তাৰক আন।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4046 reads