|| ঘোষা ||:
ৰাগ ।। গৌড়ী
ধ্ৰুং - মােহন মনােহৰ মূৰুতি মাধৱ
মােহন বালক সংগীয়া।
নানান ৰসে খেলে ৰসিক শিৰােমণি
মদন মােহে ভুৱ ভংগিয়া।।
|| পদ ||:
পদ- শাৰদ নিৰমল প্রফুল্ল পংকজ
বয়ন সুন্দৰ শােহেয়া।
অলক চঞ্চৰ যৈছে উৰি পৰে
ভ্ৰমৰ কুল মধু লােহেয়া।।
বিধিয়ে নিৰমিল যতনা ৰূপগুণ
যবহু সব এক ঠামুৱা।
সুন্দৰ কানুক ৰূপ একু তিল।
তবহু কৈছে উপমুৱা।।
জগত তাৰণ হেতু ভয়াে হৰি।
বেকত আনন্দ সিন্ধুৱা।
দীন মাধৱে মাগে পায়ে পৰি
ভকতি ৰতি এক বিন্দুৱা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2090 reads