ৰাগ - শ্যাম
ধ্ৰুং- গােৱিন্দ চলয়ে বিৰিন্দাবনে গােপশিশু সংগে।
বজায়া মােহন বেণু ধেনু ধায় ৰংগে।।
পদ- সকল বালক মাজে কানাই সুন্দৰ৷
ভুৱনমােহন শ্যাম ৰুপে মনােহৰ।।
গগন মণ্ডল পুৰে শিংগা বেণু ৰোলে ।
আভীৰ বালক বেঢ়ি 'জয় হৰি' বোলে ।।
কেহো বােলে 'ৰাম' কেহো বোলে 'জয় হৰি'।
উচ্ছায়া পাঞ্চণি ধায় বৎস পুচ্ছ ধৰি।।
কেহো গায় কেহো বায় কেহো নাচে হাসে।
ত্রিভুৱন জিনি বৃন্দাৱন পৰকাশে।।
বেদশিৰােমণি যাৰ চৰণে বিৰাজে।
সেহি প্রভু গােপ ৰুপে বালকেৰ মাজে।।
ভকত-বৎসল হৰি বিনে নাহি কোই।
কহ্য় মাধৱ ৰংগা পদে গতি মােই।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2433 reads