|| ঘোষা ||:
ৰাগ ।। ধনুশ্রী
ধ্রুং - হেৰহু মাই, চললি বিপিন মধাই।।
বেণু বিষাণ নিসান আৱত
হৰষে হৰষে ধেনু ধায়।।
|| পদ ||:
পদ- ওহি জগমােদন কন্ধে দধি ওদন
গােধন আগু বুলায়।
বংকিম নয়ন সৰােৰুহ সাহি
হেৰাইতে ভুৱন ভুলায়।।
মদন-দমন ৰূপ পেখিয়ে পুনু পুনু
মূৰুচি পৰয় পুৰনাৰী।
সােহি জগজীৱ বিয়ােগ অব সহবি
কৈছন চিত্ত হামাৰি।।
হৰি বিৰহানল আকুল গােপিনী
দৰশন দিৱসে নপাই।
হৰিগুণ কহি ৰহি প্রেমে জুৰয় নীৰ
শংকৰ এহু ৰস গায় ।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1940 reads