ৰাগ - বেলােৱাৰ
ধ্ৰুং- দেখাে ৰে নয়ন ভৰি লােই।
পৰম পুৰুষ ৰাম ৰাজা হােই।।
পদ- ৰতন সিংহাসনে ৰাজতু ৰাম।
তনু সুকুমাৰ দুৰ্বাদল শ্যাম।।
ৰতন ভূষিত অংগ উজোৰে।
পূর্ণ চন্দ্ৰ জ্যোতি ছত্র উৱৰে।।
পাশ লাস শ্বেত চামৰ দোলে।
মিলল মহােৎসৱ জয় ৰাম বােলে।।
চৌদিশে মংগল বাজন বাজে।।
কৌতুকে ৰংগ কৰত সৱ ৰাজে।।
সিদ্ধ মুনি শিৰে কুসুম বৰিষে।
চতুৰবয়নে স্তুতি বােলত হৰিষে।।
ৰামক চৰণ কমল মধু আশা ।
কহতু মূৰুখমতি মাধৱ দাসা।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 1922 reads