ৰাগ - তুৰ-বসন্ত
ধ্ৰুং- দোলাৱে গােৱিন্দ পৰম আনন্দে
ৰতন সিংহাসনে বসি।
কনক বিৰচিত দৌলৰ মণ্ডপ
জ্বলয় যেন ৰবি শশী।।
পদ- ৰতন ভূষণে জ্বলয় শ্যামতনু
ফাগুৱে হুয়া উজৰিত।
নৱীন মেঘ যেন বিজুৰী সঞ্চাৰে
পেখিতে কাম বিমােহিত।।
ছত্র চামৰে চৌভিতি ৰঞ্জিত
কনকময় ধ্বজ দণ্ড।
আকাশে দেৱগণে কুসুম বৰিষয়
বজায়া বহু বাদ্যভণ্ড।
গন্ধৰ্বে গাৱয় বাৱয় বিদ্যাধৰে
নাচয় অস্পৰাগণ।
সিদ্ধ মুনিগণে মহিমা স্তুতি কৰে
কৌতুকে দোলে নাৰায়ণ।।
পূর্ণশশী জিনি জ্বলয় শ্যামতনু
মুকুতামণি শাৰী শাৰী।
উৰ্দ্ধ দৃষ্টি কৰি পৰম আনন্দে
নিৰেখে যত নৰ-নাৰী।।
হৰিৰ দৌলেৰ মহিমা কৌতুক
কমনে কহি পাৱে সীমা।
আছােক মানুষ্য দেৱ মুনিগণ
নাজনে যাৰ মহিমা।।
দৌলেৰ উৱৰে মগৰ ভিতৰে
দোলয় ত্রিজগত পতি।
পৰম মূঢ়মতি কহ্য় মাধৱ
গােৱিন্দ পদে মােৰ গতি।।
- 1564 reads