ৰাগ ।। ভাটিয়ালী
ধ্ৰুং- একান্ত খেলায় কৰুণাময় এ নন্দকুমাৰ।
দেৱৰ দুর্লভ কেলি ফাগুৰ বিহাৰ।।
পদ- ফাগু পৰি শ্যাম তনু কৰে তিৰি -মিৰি।
ৰবিৰ কিৰণে যে মৰকত গিৰি।।
কৰ্পূৰ কুংকুমে ফাগু আতি সুৱাসিত।
গােপ - গােপী সমে খেলে হুয়া আনন্দিত।।
আউৰ আউৰে ফাগু মাৰে আঞ্জলি ভৰিয়া।
ফাগু ৰসে নাচে হাসে কীৰ্ত্তন কৰিয়া।।
ফাগুৰে চৌভিতি দেখি অৰুণ বৰণ।
প্রভাত কালৰ যেন ৰৱিৰ কিৰণ।।
আনন্দে আকুল লােক ফাগুৰ উৎসৱে।
চৌভিতি পূৰয় হৰি কীৰ্ত্তনৰ ৰৱে।।
ত্রিভুৱন জিনি গােপপুৰী পৰকাশে।
কহয় মাধৱ দীন হৰিপদ দাসে।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3094 reads