ৰাগ || ভাটিয়ালী
ধ্ৰুং- আলাে ভাই, গােকুলে আনন্দ জয় জয়।
মিলিছে পৰম মহােদয়।।
পদ- যিটো নিগমৰ গুপ্ত বিত্ত।
হেন হৰি গােকুলে বিদিত।।
শুনিতে কৌতুক অনুপাম।
ব্রহ্মৰ বৰণ ঘনশ্যাম।।
পৰমাত্মা যিটো লক্ষীপতি।
হুয়া আছে গােপৰ সংগতি।।
মিলিছে বৈকুণ্ঠ মহােৎসৱ।
সদায়ে আনন্দ হৰি-ৰৱ।।
গােকুলেৰ ভাগ্যৰ মহিমা।।
কেবা কহি কৰিবেক সীমা।।
কহয় মাধৱ মূঢ়মতি।
হৰি পাদপদ্মে মােৰ গতি।।
- পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 3216 reads