|| ঘোষা ||:
ৰাগ ।। বসন্ত
ধ্রুং - হৰি হেৰােৰে বাপ পশিলোঁ শৰণে।।
নেৰিবা বান্ধৱ মােক জীৱনে মৰণে।।
|| পদ ||:
পদ- সনক সনন্দ যােগী যাহাকু ধিয়ায়।
সকলে নিগমে যাক বিচাৰি নপায়।।
সহস্ৰবয়নে যাৰ নপাইলেক সীমা।
অধমে জানিবাে কেনে তােমাৰ মহিমা।।
আতুৰ ভৈলােহোঁ বৰ বিষয়-বিকলে।
কৰিয়াে উদ্ধাৰ মােক চৰণকমলে।।
তােমাৰ চৰণ দুই মােৰ মহাধন।
ভকতজনৰ নিজ তুমিসি জীৱন।।
কৃপাৰ সাগৰ কৃপা কৰা একবাৰ।।
কাতৰ কৰিয়া লৈলোঁ শৰণ তােমাৰ।।
কৃপা কৰাঁ নাৰায়ণ ছেড় মােহপাশ।।
কহয় মাধৱ হৰিদাসকু দাস।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 4585 reads