|| ঘোষা ||:
ৰাগ ।। ললিত
ধ্রুং - যশােমতী পেখিতে নয়ন জুৰায়।
জগজন-জীৱন ভকত পৰমধন
হাসি হাসি চৰণ ঘসায়।।
|| পদ ||:
পদ- কবহু বৈঠিয়েকহু পেখিয়ে যশােৱা মাই
হাম্ফুলি চলে ঘনে ঘন।
ভাষতু মাই মাই কৰু খেন বেন
যশােৱা পেখিতে জুৰে মন।।
যশােৱা সুন্দৰীকো কুচকহু ধৰি হৰি
বয়নে কৰতু স্তন পান।
হাসিয়ে যশােৱা মাই চুম্বয়ে ঘনে ঘন
দীন মাধৱে গুণ গান।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2450 reads