|| ঘোষা ||:
ৰাগ ।। বেলােৱাৰ
ধ্রুং - বিৰিন্দাবনে খেলে যশােদানন্দ-লালনা।
যাে হৰি সকল ভুৱন একু পালক
সাে হৰি বনে বৎস পালনা।।
|| পদ ||:
পদ- কোটি মদন জিনি ৰাজত যদুমণি
নৱজলধৰ তনু শােহনা।
ত্ৰিৱলী বলিত অংগ-ভংগ ৰুচিৰ ৰংগ
ৰসিক ভুৱন মন মােহনা।।
বাম ললিত ভুজমূলে মিলিত বাম
কপােলে ভংগুৰ ভ্ৰুৱ চালনা।
ঈষত ঈষত হাসি বাঁশীৰ মধুৰ ধ্বনি
মণিময় জুড়া ভালি টালনা।।
নৱীন গুঞ্জাৰ হাৰ গলে গজমুকুতাৰ ।
মালা কদম্বকেৰি দুলনা।
ৰতন মঞ্জীৰ মণি ঝুৰয় চৰণমহ
মাধৱ কহ ভৱ ভুলনা।।
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
- 2056 reads