মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো
ৰসময়ী মাগোহো ভকতি |
সমস্ত মস্তক মণি নিজ ভকতৰ বশ্য
ভজো হেন দেৱ যদুপতি ||১
যাৰ ৰাম-কৃষ্ণ নাম নাৱে ভৱসিন্ধু তৰি
পাৱে পৰমপদ পাপী যত |
সদানন্দ সনাতন হেনয় কৃষ্ণক সদা
উপাসা কৰোহো হৃদয়ত ||২
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
Listen to Audio:
- 12494 reads