|| ঘোষা ||:
প্ৰাণ বান্ধৱ মাধৱ ৰাম৷
দেহু দেখা হৰি কৰো প্ৰণাম৷৷৯৩৷৷
পলাশ ৰঞ্জন চৌধুৰীৰ প্ৰচেষ্টাত
|| পদ ||:
পথত ৰাম কৃষ্ণ মহাভাগ৷
যাহন্তে ধোবাক পাইলন্ত লাগ৷৷
খুজিলন্ত বস্ত্ৰ মাতি ধোবাক৷
দিয়ো ভাল বাছি বস্ত্ৰ আমাক৷৷১১২৪৷৷
আজি যেৱে বস্ত্ৰ কৰস দান৷
হৈবেক পৰম তোৰ কল্যাণ৷৷
এহি বুলি বস্ত্ৰ খোজন্ত হৰি৷
দুৰ্ম্মুখ ধোবা মাতে ক্রোধ কৰি৷৷১১২৫৷৷
কিনো মহামূঢ় তোৰা গোৱাল৷
পৰ্ব্বত বনত খপস কাল৷৷
মৰিবাক লাগি নাহিকে ত্ৰাস৷
ৰাজাৰ বস্ত্ৰক পিন্ধিবে চাস৷৷১১২৬৷৷
প্ৰাণ লৈয়া পলা ঐৰ অন্তৰি৷
ৰাজদূতে পাইলে দণ্ডিবে ধৰি৷৷
দৈৱকীসুতে শুনি হেন বাণী৷
মাৰিলা ধোবাক চৱৰ টানি৷৷১১২৭৷৷
ছিণ্ডিল মুণ্ড চৱৰতে তাৰ৷
যতেক ধোবা লগৰীয়া আৰ৷৷
বস্ত্ৰ পেলাই সৱে দিলে লৱৰ৷
দেখিয়া কৃষ্ণ ৰঙ্গ ভৈলা বৰ৷৷১১২৮৷৷
ভাল বাছি বস্ত্ৰ লৈল দুভাই৷
গোৱালসৱক দিলা পেলাই৷৷
বেশকাৰে আসি পিন্ধাই বস্ত্ৰক৷
কছাইল ৰঙ্গে ৰাম মাধৱক৷৷১১২৯৷৷
তাত তুষ্ট ভৈলা কৃষ্ণ অধিক৷
দিলন্ত পৰম ঐশ্বৰ্য্য শ্ৰীক৷৷
সাৰূপ্য মুকুতিকো দিলা তাক৷
বুলিলা অনেক আশ্বাস বাক৷৷১১৩০৷৷
সুদামা নামে মালাকাৰ আছে৷
তাহাৰ বাৰীত পশিলা পাছে৷৷
দূৰতে দেখে আসে কৃষ্ণ ৰাম৷
কৰিলা সুদামা পৰি প্ৰণাম৷৷১১৩১৷৷
আসন আনি দিল আথেবেথে৷
বসিলা তাত ৰঙ্গে জগন্নাথে৷৷
পাদ্য-অৰ্ঘ্য-গন্ধ-ধূপ লগাই৷
কৰিলা পূজা লৈল দুয়ো ভাই৷৷১১৩২৷৷
ভূমিত পৰি বোলে মালাকাৰ৷
পিতৃ দেৱ ঋষি তুষ্ট আমাৰ৷৷
আজিসে জন্ম সাফলিলো আমি৷
কুলকো পৱিত্ৰ কৰিলা স্বামী ৷৷১১৩৩৷৷
জগতৰে মোক্ষ কাৰণ হুই৷
ভৈলা অৱতাৰ তোমাৰা দুই৷৷
ভকতজনৰ ৰক্ষাৰ হেতু৷
দুষ্টক নাশাহা গৰুড়কেতু৷৷১১৩৪৷৷
জগতৰে আত্মা ঈশ্বৰ দেৱ৷
তোমাৰ শত্ৰু মিত্ৰ নাহি কেৱ৷৷
সমস্ত ভূততে আছা বিয়াপি৷
ভজন্তাক প্ৰভু ভজা তথাপি৷৷১১৩৫৷৷
কৰিয়ো আজ্ঞা আমি তযু ভৃত্য৷
তোমাৰ দুইৰো কৰো কিবা কৃত্য৷৷
যাক পাঞ্চা তুমি কাৰ্য্যক লাগি৷
প্ৰসাদ পাইবে সেহি মহাভাগী৷৷১১৩৬৷৷
এহি বুলি বুজি কৃষ্ণ ইঙ্গিত৷
আনিয়া সুগন্ধি পুষ্পে ৰচিত৷৷
পিন্ধাইল দুইকো অঙ্গে মুঞ্জমালা৷
পুষ্পে ভূষিলেক যত গোৱালা৷৷১১৩৭৷৷
ভকতি দেখি তাৰ কৃষ্ণ ৰাম৷
বোলন্ত লৈয়োক বৰ সুদাম৷৷
শুনিয়া মালী বোলে যুৰি হাত৷
থাকোক অচলা ভক্তি তোমাত৷৷১১৩৮৷৷
বিষ্ণু ভকতেসে হৈবে বান্ধৱ৷
ভূত দায়া জোনো ছাড়ো মাধৱ৷৷
এহি বুলি মৌন ভৈলা সুদাম৷
দিলন্ত বৰ সৱে কৃষ্ণ ৰাম৷৷১১৩৯৷৷
বুলিলা আৰো তাৰ ভক্তি দেখি৷
নেৰোক তোমাক অচলা লক্ষ্মী৷৷
বল আয়ু যশ দিলো সমৃদ্ধি৷
সৰ্ব্বকালে হৌক বংশৰ বৃদ্ধি৷৷১১৪০৷৷
সুদামাক দিয়া এতেক বৰ৷
বজাইল তৈৰ ৰাম দামোদৰ৷৷
আনন্দে বেঢ়ি যায় গোপগণে৷
হৰি হৰি বোলা সমস্ত জনে৷৷১১৪১৷৷
- 5794 reads